ৰাজ্যত শেহতীয়াকৈ আৰম্ভ হোৱা বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াৰ সন্দৰ্ভত আজি মৰিগাঁও জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে

ৰাজ্যত শেহতীয়াকৈ আৰম্ভ হোৱা বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াৰ সন্দৰ্ভত আজি মৰিগাঁও জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।এই স্মাৰক পত্ৰ প্ৰেৰণ কৰি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ইবাদুল আলীয়ে কয় যে চৰকাৰৰ এই বলিষ্ঠ পদক্ষেপক আমি আদৰণি জনাইছো।এই প্ৰক্ৰিয়াৰ জৰিয়তে অবৈধভাৱে অসমত বসবাস কৰি থকা লোকসকলক শীঘ্ৰে কৰায়ক্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক।লগতে বহু খিলঞ্জীয়া লোকৰ নাম দ্বি-ভোটিৰত সন্নিৱিষ্ট আছে।এক ক্ৰুটিবিহীন জৰীপৰ জৰিয়তে দোষীক শাস্তি বিহাৰ লগতে খিলঞ্জীয়া ভূমিপুত্ৰসকলক অযথা হাৰাশাস্তি নকৰিবলৈও চৰকাৰক আহ্বান সভাপতি ইবাদুল আলীৰ।