sangbad lahar logo

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে অবৈধ গৰুৰ সৰবৰাহ ৷ ডিগবৈ পাণবাৰীত গাওঁৰক্ষী বাহিনী আৰু স্হানীয় ৰাইজৰ তৎপৰতাত অবৈধভাৱে ২৩ টাকৈ গৰু কঢ়িয়াই অনা এখন 709 গৰুভৰ্ত্তি ট্ৰাক জব্দ কৰি ডিগবৈ আৰক্ষীক গতাই দিয়ে ৷

যোৱা নিশা ডিগবৈ পাণবাৰীত গাওঁৰক্ষী বাহিনী আৰু স্হানীয় ৰাইজৰ তৎপৰতাত অবৈধভাৱে ২৩ টাকৈ গৰু  কঢ়িয়াই অনা এখন 709 গৰু ভৰ্ত্তি ট্ৰাক জব্দ কৰি ডিগবৈ আৰক্ষীক গতাই দিয়ে ৷

ট্ৰাকখনৰ নম্বৰ AS 21 AC 2160

ট্ৰাক চালকৰ ভাষ্য অনুসৰি, জব্দকৃত গৰুসমূহ তিনিচুকীয়া জিলা পেঙেৰী ইনথেমৰ পৰা শিৱসাগৰলৈ সৰবৰাহ কৰা হৈছিল ৷

নথি-পত্ৰ বিহীন জব্দকৃত গৰুখিনিৰ মালিক পেঙেৰী ইমথেমৰ নিবাসী কুখ্যাত গো মাফিয়া সুন্টো সোণোৱালৰ বুলি জানিব পৰা গৈছে ৷

জব্দকৃত গৰুখিনিক ডিগবৈ আৰক্ষীৰ সহযোগত বিশ্ব হিন্দু পৰিষদে নিৰ্দিষ্ট ঠাইত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

Related Articles