
মঙ্গলবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হ’ল মুঠ ৩৫৩ গৰাকী ব্যক্তি। মুঠ ৩৯,৬৫৪ গৰাকী লোকৰ দেহত ক’ভিড পৰীক্ষা কৰা হৈছিল দিনটোত। সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.৮৯ শতাংশ। ৰাজ্যখনত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৫২ গৰাকী, বৰপেটাত ৩০ গৰাকী, যোৰহাটত ২৮ গৰাকী, কাছাৰত ১৮ গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰিছে ক’ভিড।