sangbad lahar logo

ৰাজ্যত গঢ় লৈ উঠিছে বগা চাউলৰ কলা ব্যৱসায়, বিশ্বনাথ সদৰ আৰক্ষীৰ অভিযানত গুদামৰ পৰা জব্দ বৃহৎ পৰিমানৰ এফ চি আই চাউল।

যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈছে দুখীয়াৰ নামত অহা ১০০গ্রাম চাউল কমকৈ দিলেও সুলভ মূল্যৰ ব্যৱসায় জে’ললৈ যাব।সেই সময়তে ৰাজ্যত গঢ় লৈ উঠিছে বগা চাউলৰ কলা ব্যবসায়।দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা লোক অথবা চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে অহা চাউল জমা হৈছে এতিয়া একাংশ বনিয়াৰ গুদামত।সুলভ মূল্যৰ দোকানীৰ ঘৰৰ গুদামত মজুত বৃহৎ পৰিমাণৰ চাউল।চকু মুদা কুঁলিৰ ভাওঁত ৰাজ্যৰ খাদ্য,অসামৰিক যোগান বিভাগ।উল্লেখ যে বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ৰ নেতৃত্বত এটা দলে দুদিনমান পূৰ্বে বিশ্বনাথৰ মিজিকাজান অঞ্চলত অভিযান চলাইছিল।সেই সময়তে আৰক্ষীৰ দলটোৱে উক্ত অঞ্চলৰ সুলভ মূল্যৰ বিপনী মোহন জেনাৰ ঘৰতো জব্দ কৰিছিল অবৈধ সুৰা আৰু মোহন জেনাৰ ঘৰৰ সেই সময়তে প্ৰত্যক্ষ কৰিছিল গুদামত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ চাউল।যাৰ ভিত্তিত আৰক্ষীয়ে এই সন্দৰ্ভত বিশ্বনাথ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে বিষয় সন্দৰ্ভত জনাৰ পিছতো গুৰুত্ব প্ৰদান নকৰা ঘটনা পোহৰলৈ আহিছে।অবশেষত আজি পুনৰ বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ৰ নেতৃত্বত জেনাৰ ঘৰত অভিযান চলাই।যাৰ বাবে বিশ্বনাথ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াও এই অভিযানত যোগ দিবলগীয়া হ’ল বিশ্বনাথ আৰক্ষীৰ লগত।অবশেষত মোহন জেনাৰ ঘৰৰ গুদামৰ পৰা জব্দ কৰা হ’ল বৃহৎ পৰিমানৰ চাউল আৰু ছীল কৰা হ’ল গুদাম।এগৰাকী সুলভ মূল্যৰ বিপনীৰ গুদাম অথবা বিপনীত মজুত থাকিব পাৰিব কেবল ২৮ কুইন্টল চাউল।কিন্তু জেনাৰ গোদামত মজুত আছিল প্ৰায় ১৭৭ কুইন্টল চাউল।।কিন্তু মোহন জেনাৰ গুদামত থকা এই চাউল এফ চি আইৰ পৰা অহা দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা লোকৰ বাবে অথবা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে অহা চাউল আছিল।অবৈধ ভাবে মোহন জেনাই নিজৰ গুদামত মজুত কৰি চোৰাং ভাবে ব্যবসায়ী চলাই আহিছিল।
দৰিদ্ৰ লোকৰ মুখৰ ভাত কাঢ়ি বগা চাউলৰ কলা বেপাৰ কৰা এনে চোৰাং ব্যবসায়ীৰ বিৰুদ্ধে সচাকৈয়ে ব্যবস্হা গ্ৰহণ কৰা হ’ব নে পুনৰ চকু মুদা ভাও ধৰে বিভাগটোৱে পৰবৰ্তী সময়ত সেইয়াহে হ’ব লক্ষনীয় বিষয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *