বৃহৎ সমদলেৰে আদৰণি জনোৱা হ’ল উৰুকা । জই আই অসম ধ্বনিৰে নিনাদিত হ’ল জলাহ বৰলাবাৰী । আচলতে এয়া কোনো প্ৰতিবাদী সমদল নহয় । উত্তৰ গুৱাহাটী জলাহ বৰলাবাৰীৰ স্বৰাজ জাতীয় বিদ্যালয়ে আয়োজন কৰা প্ৰি উৰুকা । অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ ভোগালী বিহুৰ লগত শিক্ষাৰ্থী সকলক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে এইদৰে প্ৰি ভোগালী বিহু উদযাপন কৰিলে তেওঁলোকে।