sangbad lahar logo

ৰাজহ বিভাগত গাওঁবুঢ়া পদৰ নিযুক্তিৰ খেলিমেলিৰ অভিযোগ

বিটিচি চৰকাৰে ৰাজহ বিভাগৰ অধীনস্থ গাওঁবুঢ়া পদৰ বাবে চৰকাৰী ভাৱে বিজ্ঞাপন প্ৰকাশ কৰি পৰীক্ষা অনুষ্ঠিত কৰিও যোৱা তিনি বছৰে ফলাফল ঘোষণা নকৰা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভুক্তভোগী প্ৰাৰ্থীসকলে। এবাৰ নহয় দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা নকৰা আৰু খালী হৈ থকা গাওঁবুঢ়া পদ সমূহত নিযুক্তি প্ৰদান নকৰাৰ অন্তৰালত কি ৰহস্য লুকাই আছে তাকে লৈ সৰৱ হৈ উঠিছে বঞ্চিত প্ৰাৰ্থীসকলে। উল্লেখ্য যে ২০১৮ চনৰ ডিচেম্বৰ মাহৰ দহ তাৰিখে বিটিচি চৰকাৰে “বিটিচি/ডিএলআৰ-১২৭/২০১৮ ” নম্বৰৰ বিজ্ঞাপন মৰ্মে বিটিচিৰ চাৰিখন জিলাত খালী হৈ থকা প্ৰায় ২১৭ টা গাওঁবুঢ়া পদ পূৰণৰ বাবে ২০১৯ চনৰ ২৭ জুলাইত পৰীক্ষা অনুষ্ঠিত কৰিছিল। কিন্তু দুখৰ বিষয় যে প্ৰাৰ্থী সকলে পৰীক্ষাত অৱতীৰ্ণ হ’ল যদিও আজিকোপতি ফলাফল নাপালে। ৰাজহ বিভাগে উক্ত সাক্ষাৎকাৰ আৰু লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাৰ লগতে খালী হৈ থকা গাওঁবুঢ়া পদ সমূহতো নিযুক্তি প্ৰদান কৰা নাই। অৱশ্যে ইয়াৰ পূৰ্বেও আৰু এবাৰ পৰীক্ষা পাতিও ফলাফল দিয়া নাই বুলি ভক্তভোগী প্ৰাৰ্থী সকলে অভিযোগ উত্থাপিত কৰিছে। ইপিনে বিটিচি চৰকাৰে পুনৰ গাওঁবুঢ়া পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাৰ যো-জা চলোৱা বুলি জানিব পাৰি শংকিত হৈ পৰিছে পূৰ্বৰ প্ৰাৰ্থী সকল। বাৰে বাৰে পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল নিদিয়াৰ কি কেংলেকাৰী লুকাই আছে সেয়া জানিব বিচাৰিছে প্ৰাৰ্থী সকলে। ইপিনে আজি একাংশ বঞ্চিত প্ৰাৰ্থীয়ে এই বিষয়ে এক সুবিচাৰ বিচাৰি গোৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কোকিলা গগৈৰ জৰিয়তে এখন স্মাৰক পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে গোৰেশ্বৰৰ কেবাটাও লাট মণ্ডলত মুঠ ২৩ টা গাঁওবুঢ়াৰ পদ খালী থকা বুলি ইতিমধ্যে উৰ্দ্ধতম কৰ্তৃপক্ষলৈ জনোৱা বুলি অৱগত কৰে। লক্ষণীয় যে ওদালগুৰি জিলাৰ কেইবাটাও লাট মণ্ডলত একাংশক ভাৰপ্ৰাপ্ত গাঁওবুঢ়াৰ দায়িত্ব প্ৰদান কৰিছে যদিও তেওঁলোককো কোনো দা-দৰমহা প্ৰদান কৰা হোৱা নাই আৰু চাকৰি নিয়মীয়াকৰণ কৰা হোৱা নাই। আনহাতে বহু অঞ্চলত একোজন গাঁওবুঢ়াকে পাঁচ-ছয়খনকৈ ৰাজহ গাওঁৰ দায়িত্ব জাপি দি থোৱাত তেওঁলোকে কাম-কাজ চলাই নিয়াত অসুবিধাৰ সম্মুখীন হৈছে। এই ক্ষেত্ৰত শীঘ্ৰেই এক সুষ্ঠিৰ সিদ্ধান্ত লৈ চৰকাৰে গাওঁবুঢ়া পদৰ বঞ্চিত প্ৰাৰ্থীসকলক উচিত বিচাৰ প্ৰদান কৰিবলৈ দাবী জনাইছে ভুক্তভোগী গাওঁবুঢ়া পদৰ প্ৰাৰ্থীসকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *