sangbad lahar logo

ৰাজপথত চলন্ত বাহন ৰখাই ডকাইতি ! নগদ ২৫ হাজাৰ টকাসহ সামগ্ৰী লৈ উধাও ডকাইতৰ দল…

বঙাইগাঁৱত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ খগৰপুৰত দুৰ্বৃত্তৰ দলে বলেৰ পিক আপ ভেনৰ পৰা লুটি নিলে ধন ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত বাহনক আগভেটি ধৰি সাত জনীয়া দুৰ্বৃত্তৰ দলে সংঘটিত কৰিলে এই ডকাইতি কাণ্ড ৷অভয়াপুৰীৰ পৰা ব্ৰয়লাৰ ক্ৰয় কৰাৰ বাবে AS 19 AC 4227 নম্বৰৰ বলেৰো পিক আপখনত আহি থকা তিনি যুৱকক অইন এখন বাহনে আগভেটি লুটপাত চলায় ৷ ডকাইতৰ দলটোৰ আক্ৰমণত বলেৰো পিক আপ ভানৰ চালক হেমন্ত বৰ্মন আহত হোৱাৰ লগতে ২৫ হেজাৰ টকাৰ লগতে চাৰিটা মোবাইল লুট কৰি নিয়ে ৷ চালকসহ তিনিওজনে পলায়ন কৰাৰ পিছত ব’লেৰ পিক আপখন লৈ উধাও হয় দুৰ্বৃত্তৰ দলটো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *