sangbad lahar logo

‘ৰাইজে নখ জোকাৰিলে নৈ বয়’ এই কথাষাৰ পুনৰ প্ৰমানিত কৰিলে বঙাইগাঁৱৰ নাম্বাৰপাৰা আৰু গোলাপাৰা গাৱঁৰ ৰাইজে।

যোৱা বছৰ বানপানীৰ প্ৰৱল সোঁতে নাম্বাৰপাৰা – গোলাপাৰা সংযোগী মানাহ নৈৰ ওপৰত থকা দলঙখন উটুৱাই লৈ যোৱাৰ পিছত স্থানীয় ৰাইজে দান বৰঙণিৰে প্ৰায় ৩ লাখ টকা খৰচ কৰি ঠাইখনত বাহঁৰ দলং নিৰ্মাণ কৰিছিল যদিওঁ কিছুদিন পূৰ্বে হৈ যোৱা মানাহ নৈৰ বানপানীয়ে দলঙখনৰ মাজত ভাঙি পেলায়। ফলত স্থানীয় ৰাইজৰ যাতায়ত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। পুনৰ দুয়োখন গাৱঁৰ ৰাইজ একত্ৰিত হৈ দান বৰঙণিৰে বাহঁৰ দলঙখন মেৰামতি কৰি ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি তোলে। ঠাইখনত ১ কৌটি ২৮ লাখ টকাৰে দলং নিৰ্মাণৰ বাবে নিবিদা সম্পন্ন হৈছে যদিওঁ এতিয়ালৈকে নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই। সেয়ে নৱ নিৰ্বাচিত বিধায়ক আব্দুল বাতিন খন্দকাৰক ঠাইখনৰ দলং নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহন কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

Related Articles

2 Comments

  • semshutle , January 27, 2023 @ 1:41 pm

    45 mmol L, creatine kinase of 943 U L normal arimidex vs nolvadex

  • semshutle , January 31, 2023 @ 10:02 pm

    Beautiful Ladies CARTIER ROADSTER Purple MOP Stainless Steel buy nolvadex

Leave a Reply

Your email address will not be published. Required fields are marked *