sangbad lahar logo

ৰাংছালীত ব্ৰহ্মপুত্র নৈত উদ্ধাৰ এটা বেগ।

নিউজ ডেস্ক: বিহালীৰ ৰাংছালী অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈত এজন ব্যক্তিৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ সহ পৰিচয় পত্ৰ সম্বলিত এটা বেগ উদ্ধাৰ হৈছে । জানিব পৰা মতে বেগটোৰ ভিতৰত AS 07 R 8009 নম্বৰৰ মাৰুতি গাড়ীৰ ৰেজিষ্ট্ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড,পান কাৰ্ড উদ্ধাৰ হৈছে। উদ্ধাৰ কৰা পান কাৰ্ডত নাম মদন পেগু ঠিকনা মাজুলি বুলি উল্লেখ আছে । বিভিন্ন বেগত বেংকৰ এটিএম কাৰ্ড,ক্ৰেডিট কাৰ্ড আৰু কেইখন মান নথি পত্ৰৰ উপৰিও ছামেদ আলি নামত থকা AS 06V 2198 নম্বৰৰ এনফিল্ড বাইকৰ ৰেজিষ্ট্ৰেচন কাৰ্ড এখনো উদ্ধাৰ হয়। বিহালীৰ ৰাংছালী অঞ্চলৰ কেইজন মান মাছমৰিয়াই বেগটো প্ৰত্যক্ষ কৰি বেগটোৰ ভিতৰৰ পৰা এই সামগ্ৰীখিনি উদ্ধাৰ কৰে । মাছমৰিয়া কেইজনে এই গুৰুত্বপূৰ্ণ সামগ্ৰী সমূহ নিজৰ জিম্মাতে ৰাখি আজি পু‌ৱাহে তেওঁলোকে এই গুৰুত্বপূৰ্ণ সামগ্ৰী সমূহ বিহালী আৰক্ষী থানাত চমজাই দিব বুলি জানিব দিছে গাওঁখনৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক উদয় দাসে। ইফালে এই সামগ্ৰী সমূহ মাজুলীৰ নিমাতী ঘাটত সংঘটিত হোৱা ফেৰি দুৰ্ঘটনাৰ যাত্ৰীৰে সামগ্ৰী হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।পৰবৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানতহে ওলাব প্ৰকৃততে এই সামগ্ৰী সমূহ দুৰ্ঘটনা সংঘটিত হোৱা ফেৰি যাত্ৰীৰ নে আন কাৰোবাৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *