
সংবাদ লহৰ: ৰহাৰ ফুলগুৰিৰ প্ৰতিভাৱান লেখিকা বিশেষ ভাৱে সক্ষম শৰ্মিষ্ঠা প্ৰীতম বৰুৱাৰ ঘৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। প্ৰায় পাঁচ বছৰ বয়সৰ পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িব নোৱাৰা হৈছিল ।বৰ্তমান ৩৫ বছৰীয়া শৰ্মিষ্ঠা। বহু চিকিৎসা কৰিও ভাল নহ’ল শৰ্মিষ্ঠা। বিচনা আৰু হুইল চেয়াৰখনেই সংগী হৈ পৰিছিল শৰ্মিষ্ঠাৰ। মানসিকভাৱে প্ৰৱল শক্তিশালী শৰ্মিষ্ঠাই হুইল চেয়াৰত বহিয়ে ৰহা মহাবিদ্যালয়ৰ পৰা অৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী ল’লে। ইয়াৰ লগতে কিতাপক সংগী কৰি সৃষ্টি কৰি গ’ল ইখনৰ পিচত সিখন গ্ৰন্থ। লগতে লাভ কৰিলে বহু পুৰস্কাৰ। শৰ্মিষ্ঠাৰ সৃষ্টিৰাজিৰ বাবেই ২০১২ চনত মুনীন বৰকটকী বঁটা, ২০১৬ চনত ৰাজ্য চৰকাৰৰ সাহিত্য বঁটাা, ২০১৭ চনত গীতাঞ্জলি বৰুৱা মিলি সাহিত্য বঁটা, ২০১৭ চনতে দেৱচন্স বিশেষ সাহিত্য প্ৰতিভা বঁটা আৰু হোমেন বৰগোহাঞি সাহিত্য বঁটা, ২০২০ চনৰ অক্লান্ত উত্তৰ পুৰুষ বঁটাৰ লগতে কেইবাটাও জলপানী লাভ কৰি ৰাজ্যৰ সাহিত্য জগতত চিনাকী নাম হৈ পৰিল শৰ্মিষ্ঠা। শেহতীয়াকৈ শৰ্মিষ্টা Spinal Muscular Atrophy (SMA) নামৰ ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। পূৰ্ৱতে এই ৰোগৰ কোনো ঔষধ নাছিল যদিও শেহতীয়াকৈ ভাৰতত এই ৰোগৰ ঔষধ উপলব্ধ হৈছে। কিন্তু এই ঔষধৰ মূল্য অত্যধিক। বছৰত প্ৰায় ৭২ লাখ টকাৰ ঔষধ প্ৰয়োজন আৰু চিকিৎসকৰ মতে পাঁচ বছৰীয়া চিকিৎসা ল’ব লাগিব শৰ্মিষ্ঠাই আৰু খৰচ হ’ব প্ৰায় তিনি কোটি ষাঠি লাখ টকা। শৰ্মিষ্ঠাই সুস্থ হোৱাৰ আশা দেখিছে যদিও এই ব্যয়বহুল চিকিৎসাৰ বাবেই থমকি ৰ’ব লগা হৈছে। ফলত সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীৰ লগতে ৰাইজৰ পৰা সহায় বিচাৰিছিল শৰ্মিষ্ঠাই। শৰ্মিষ্ঠাৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই দেওবাৰে শৰ্মিষ্ঠাৰ ঘৰত উপস্থিত হ’ল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰীগৰাকীয়ে শৰ্মিষ্ঠাৰ স্বাস্থ্য তথা ৰোগৰ বুজ লয় আৰু মুখ্যমন্ত্ৰী আলোচনা কৰি শৰ্মিষ্ঠা চিকিৎসাৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে। উল্লেখ্য যে চৰকাৰী সাহায্যৰ অবিহনে শৰ্মিষ্ঠাৰ ব্যয়বহুল চিকিৎসা সম্ভৱ নহ’ব। সেয়ে চৰকাৰে প্ৰতিভাৱান সাহিত্যিকগৰাকীৰ চিকিৎসা কৰাই সুস্থ কৰি তুলিবলৈ সকলোৱে আহ্বান জনাইছে।