ৰণক্ষেত্ৰত পৰিণত মৈৰাবাৰীৰ লেংৰিবৰী গাঁও…

ৰণক্ষেত্ৰত পৰিণত মৈৰাবাৰীৰ লেংৰিবৰী গাঁও। একেটা পৰিয়ালৰ কেইবাজনো মহিলা আহত।মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লেংৰিবৰী গাঁৱত সংঘঠিত হৈছে মাৰপিটৰ ঘটনা।পিতৃ ফকৰ উদ্দীন আৰু মাতৃ ছাহিদা খাতুনক বাহাৰুল ইছলামে বিদ্যুৎ বিল নিদিয়াৰ বাবে গুৰুলা গুৰুলকৈ প্ৰসাৰ কৰা বুলি অভিযোগ । আহত পিতৃ মাতৃয়ে মৈৰাবাৰী আৰক্ষী থানাত সন্তান বাহাৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।ইপিনে অভিযুক্ত বাহাৰুল ইছলামৰ মতে ঘৰৰ ওচৰতে অৱস্থিত এটি পুখুৰীক কেন্দ্ৰ কৰি পিতৃ মাতৃ আৰু পৰিয়ালটোৰ মাজত দীর্ঘদিনৰ পৰা কাজিয়া চলি আছিল । যোৱাকালিও কাজিয়াৰ সূত্ৰপাত হোৱাত হতাহতিৰ ফলত পৰিয়ালটোৰ দুয়ো ফৈদৰ টছলিমা খাতুন, হাঁচিনা খাতুন আৰু জুছনাৰা বেগম,পিতৃ ফকৰ উদ্দীন গুৰুতৰ বাবে আহত।ঘটনাটোৱে বৰ্তমান অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।