sangbad lahar logo

ৰঙিয়াৰ উজ্জ্বল ডেকালৈ কাব্যশ্ৰী উপাধি প্ৰদান

দেওবাৰে সৃষ্টিৰ পদাতিক অসমে অসমৰ বিভিন্ন সামাজিক, সাহিত্য, শিক্ষা সংস্কৃতি লৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰায় ৬০ গৰাকী মহান ব্যক্তিলৈ সন্মান আগবঢ়ায় ৷ অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ লক্ষ্মীৰাম বৰুৱা সদনত দিনজোৰা কাৰ্যসূচীৰে সম্বৰ্ধনা, বটা প্ৰদান, কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচন সভা অনুষ্ঠিত হয় ৷ সৃষ্টিৰ পদাতিক অসমৰ সম্পাদক মদন চন্দ্ৰ মেধিৰ পৰিচালনা কৰা সভাত উপস্থিত থাকে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত নিপেন্দ্ৰ ভাগৱতী দেৱ, সদৌ আসম কবি সমাজৰ সভাপতি পখিলা কলিতা, সদৌ অসম কবি মঞ্চৰ কাৰ্যকৰী সভাপতি নন্জু দত্ত আৰু সম্বৰ্ধনা অনুষ্ঠান সঞ্চালনা কৰে সাংস্কৃতিক মহাসভা অসম ৰ সভাপতি শ্ৰীযুত পৱিত্ৰ কুমাৰ শৰ্মা দেৱে ৷ এই ৬০ গৰাকী ব্যক্তিৰ মাজত ৰঙিয়াৰ কবি উজ্জ্বল ডেকালৈ আগবঢ়োৱা হয় ২০২০ ৰ কাব্যশ্ৰী উপাধি ৷ ২০০৬ চনৰ পৰা কবিতা লিখি ভালপোৱা ডেকাই ২০১৭ চনত “কুঁহি _এক প্ৰাপ্তিৰ নাম” নামেৰে প্ৰথমখন কাব্যপুঠি প্ৰকাশ কৰে আৰু ইয়াৰ বাবেই তেওঁলৈ সৃষ্টিৰ পদাতিক অসমে কাব্যশ্ৰী উপাধি প্ৰদান কৰে ৷ এখন ফুলাম গামোচা, মানপত্ৰ, বটা আৰু এখন পৱিত্ৰ ভাগৱত গীতা ৰে সন্মানিত কৰা ডেকা ৰঙিয়াৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আৰু সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদকৰ দায়িত্বত আছে ৷ বৰ্তমান দ্বাৰকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতিৰ বিষয় শিক্ষক হিচাপে কৰ্মৰত চাপনীয়া নিবাসী ডেকাই ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই অনা বাবে সাহিত্য মহলত চৰ্চিত হৈছে আৰু ৰঙীয়াবাসীয়ে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *