ৰঙিয়া বিধান সভা সমষ্টিৰ ১৭ নং পাণ্ডুৰী জিলা পৰিষদৰ সদস্য পদলৈ নিৰ্বাচিত নিপন ভূঞা

ৰঙিয়া বিধান সভা সমষ্টিৰ ১৭ নং পাণ্ডুৰী জিলা পৰিষদৰ সদস্য পদলৈ নিৰ্বাচিত নিপন ভূঞা । ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোটৰ প্ৰাৰ্থী নিপন ভূঞাই নিকটতম প্ৰতিদণ্ডী গৰাকীক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় গৌৰৱৰ মুকুট পিন্ধিবলৈ সক্ষম হয় । ইফালে সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত অংশ লৈ বিজয়ী প্ৰাৰ্থী গৰাকীয়ে ভোটাৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে ।৯ সহস্ৰাধিক ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি এইক্ষেত্ৰত ৰাজ্যৰ মুখ্য মন্ত্ৰী গৰাকীৰ লগতে বিজেপি দলৰ ৰাজ্যিক সভাপতি আৰু স্থানীয় বিধায়ক গৰাকীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।স্থানীয় ৰাইজৰ যাতায়তকে ধৰি বিভিন্ন সমস্যা সমাধান কল্পে কাম কৰি যোৱাৰ অংগীকাৰবদ্ধ বুলি উল্লেখ কৰি ক্ৰুতি সমুহ দৃষ্টি গোচৰ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰো সহযোগিতা কামনা কৰে বিজয়ী প্ৰাৰ্থী গৰাকীয়ে