ৰঙিয়াৰ ঐতিহ্য মণ্ডিত তৰণী আৰিমত্ত ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিৱেশন…

ৰঙিয়াৰ ঐতিহ্য মণ্ডিত তৰণী আৰিমত্ত ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিৱেশন ।অধিৱেশন উপলক্ষে দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ ।নিশাৰ ভাগত উপস্থিত হৈ আয়োজক সমিতিৰ সম্বৰ্দ্ধনা গ্ৰহণ কৰি কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কাৰ্যপন্থা সন্দৰ্ভত ভাষণ প্ৰসংগত আলোকপাত কৰে শইকীয়াই ।

প্ৰসঙ্গ ক্ৰমে কলিতা জনগোষ্ঠীয় বৰ্ণিল ঐতিহ্য ,সংস্কৃতিৰ সংৰক্ষণ তথা প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে চৰকাৰী পদক্ষেপ গ্ৰহণৰ পোষকতা কৰে শইকীয়াই । লগতে প্ৰাচীন প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ ঐতিহাসিক গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি প্ৰতিবছৰে ২২ ডিছেম্বৰৰ দিনটোত প্ৰাগজ্যোতিষ দিৱস পালনৰ উদ্যোগ গ্ৰহণৰ আহ্বান জনাই দিলীপ শইকীয়াই ।