ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ মুকুল চেতিয়া আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান।

ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ মুকুল চেতিয়া আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান।

কুলাংগাৰ দিপেন কাকতিৰ বিৰুদ্ধে এই ৰায়দান।

হত্যাৰ গোচৰত অভিযুক্ত দিপেন কাকতিক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড।

ভাৰতীয় দণ্ড বিধি আইনৰ ৩০২ ধাৰাৰ অধীনত ২০২০ চনত কমলপুৰ থানাত ৰুজু হোৱা কেচ নম্বৰ ১৩৩/২০ আৰু চেচন কেচ নম্বৰ ১৪/২৩ ৰ ভিত্তিত আদালতে আজি এই ৰায়দান কৰে।

উল্লেখ্য যে ৪ বছৰ পূৰ্বে কমলপুৰৰ বৰমাৰৈ গাৱত সংঘটিত হৈছিল এক জঘন্য ঘটনা।

দীপেন কাকতি নামৰ কুলাংগাৰ পুত্ৰৰ হাতত নিহত হৈছিল পিতৃ মাতৃ

নিজ পিতৃ মাতৃক কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাই জোকাৰি গৈছিল সমগ্ৰ অঞ্চল।

বৃদ্ধ দম্পতী বাসন্তী(৭০) কাকতি,আৰু দেবৰু কাকতি(৭৫)ক মৰিয়াই মৰিয়াই হত্যা কৰিছিল।