ৰঙামাটি আঞ্চলিক ৰঙালী বিহু সন্মিলনী ও সুঁৱৰি উৎসৱৰ ব্যাপক প্ৰস্তুতি…

সমাগত ৰঙালী বিহু, সম্প্ৰতি ৰঙালীক লৈ গাঁত তত নাইকীয়া হৈছে ৰাজ্যবাসীৰ,ঢোল-পেপা-গগণাৰ শব্দই ৰজন জনাইছে সমগ্ৰ অসম ব্যতিক্ৰম নহয় ,পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙামাটি অঞ্চলৰঙা মাটি আঞ্চলিক ৰঙালী বিহু সন্মিলন ও সুৱৰি উৎসৱ উদযাপন সমিতিয়ে অঞ্চলটোৰ যুৱক যুৱতীৰ লগতে আগ্ৰহী লোক সকলক সাংস্কৃতিক দিশত আগবাঢ়াই নিয়াৰ উদ্দেশ্য ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিল বিনামূলীয়া বিহু কৰ্মশালা।উক্ত কৰ্মশালাৰ আজি সফল সামৰণি পৰে।উক্ত কৰ্মশালাত স্থানীয় তথা বৃহত্তম দক্ষিণ কামৰূপ অঞ্চলৰ কণ কণ শিশুৰ লগতে,

প্ৰায় ১৫০ গৰাকীৰো অধিক কিশোৰী-যুৱতীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।উল্লেখ্য যে অহা ৬ বহাগত ৰঙামাটি আঞ্চলিক ৰঙালী বিহু সন্মিলনী ও সুৱৰি উৎসৱ উদযাপন সমিতিয়ে স্থানীয় শিল্পীক অগ্ৰাধিকাৰ প্ৰদান কৰি ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব ৰঙালী বিহু ও সুৱৰি উৎসৱ।য’ত সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাৰ আয়োজন কৰাৰ দিহা কৰিছে আয়োজক সকলে ।অনুষ্ঠানটিত সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।