
নিজৰ প্ৰতিভাৰ জড়িয়তে ইণ্ডিয়া বুকচ অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ’ল এই গৰাকী যুৱতী। নাম নিমিশা কাকতি। ঘৰ শিৱসাগৰৰ শুকান পুখুৰীত। সাঁচি পাতৰ পুথিত যি দৰে অসমীয়া পৌৰাণিক চিত্ৰ শৈলী অংকন কৰা হৈছিল ঠিক সেইদৰে নিমিশা কাকতিয়ে নৃসিংহ যাত্ৰা ভাওনাখন প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি কাগজত অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে। এই চিত্ৰশৈলীক Manuscript Art বুলি কোৱা হয়। নিমিশাই ভাওনাখনৰ গায়ন-বায়নৰ প্ৰৱেশ, সুত্ৰধাৰৰ প্ৰৱেশ আৰু আন আন দৃশ্য সমুহ অংকন কৰিছে। Manuscript Art আৰ্হিত অংকন কৰা এই ভাওনা খনত ব্যৱহৃৰ কৰা নাই কোনোধৰণৰ কৃত্ৰিম ৰঙৰ। প্ৰতিটো ৰং নিমিশাই প্ৰাকৃতিক ভাৱে নিজে প্ৰস্তুত কৰিছে। হালধিয়া ৰঙৰ বাবে হালধি, কলা ৰং মাটি চাকিৰ ভাপৰ পৰা, ৰঙা ৰং, সেন্দুৰৰ পৰা, বিলাহী পাতৰ পৰা সেউজীয়া ৰং, অপৰাজিতা ফুলৰ পৰা নীলা ৰং, পুৰৈ শাকৰ গুটিৰ পৰা বেঙুনীয়া ৰং, পাৰ্পেল নাইট গছৰ পাতৰ পৰা ব্ৰাউন ৰং প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰি নিমিশাৰ হাতৰ পৰশত নৃসিংহ যাত্ৰা নামৰ ভাওনাখনে চিত্ৰ আকাৰত প্ৰাণ পাই উঠে। যাৰ বাবে যাৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকডৰ্ত স্থান লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় নিমিশা কাকতিয়ে। নিমিশাই কাগজত অংকন কৰা এই ভাওনাখন ৭৩ টা দৃশ্যত বিভক্ত। ইয়াত ৩১ টা চৰিত্ৰ আছে। ভাওনাখনৰ চিত্ৰৰূপৰ দৈঘ্য ৫৪.১০ ফুট। প্ৰতিখন ফলকৰ দৈঘ্য ৯ ইঞ্চি অৰু প্ৰস্থ ৬ ইঞ্চি। এই ভাওনা খন সম্পূৰ্ণ চিত্ৰ আকাৰত প্ৰস্তুত কৰিবলৈ নিমিশাক দহ দিনৰ প্ৰয়োজন হৈছিল বুলি জানিবলৈ দিয়ে। বৰ্তমান সময়ত Manuscript Art ৰ ধাৰণা লুপ্ত হবলৈ ধৰিছে সেই সময়তে সম্পূৰ্ণ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি সকলোৱে বুজিব পৰাকৈ নৃসিংহ যাত্ৰা ভাওনাখন অংকন কৰি অসমীয়া চিত্ৰ কলা, অসমীয়া সংস্কৃতি তথা গুৰুজনাৰ সৃষ্টি ভাওনাক বিশ্বমুখী কৰাৰ প্ৰচেষ্ঠাৰ বাবে সকলোৱে প্ৰশংসা কৰিছে নিমিশা কাকতিক।
37 Comments