
চল্লিশ টকা দৰমহাৰে চাকৰি জীৱন আৰম্ভ কৰা এই গৰাকী শিক্ষক।মানৰ আক্ৰমণতেই হওঁক কিম্বা অন্য কাৰণবশত ডিব্ৰুগড় জিলাৰ মৰিচা গাঁৱৰ পৰা লোহাই নামৰ লোক গৰাকী আহি ৰাংছালী গাঁৱত থিতাপি লৈ ক্ৰমশঃ বসবাস কৰিছিল।লোহাই ঔৰসত বিজু কৈৱৰ্ত নামৰ লোক গৰাকী জন্ম হৈছিল আৰু স্বৰ্গীয় বিজু কৈৱৰ্তৰে চাৰিগৰাকীকৈ সন্তানৰ ভিতৰত প্ৰথম সন্তান আছিল পূৰ্ণ হাজৰিকা । ১৯৩১ চনত জন্ম গ্ৰহণ কৰা পূৰ্ণ হাজৰিকাই ১৮৭২ চনতে ৰাংছালী গাঁৱত প্ৰতিষ্ঠা লাভ কৰা বৰতলী প্ৰাথমিক বিদ্যালয় , বিহালীৰ মহেশ্বৰী প্ৰাথমিক বিদ্যালয়, বটিয়ামাৰী এম,ভি,স্কুল, বৰালীমৰা এল.পি স্কুলৰ লগতে বাঁহবাৰীৰ বিহালী হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ শিক্ষা গ্ৰহণ শেষ কৰি শিক্ষকতাৰ লগত জড়িত হৈ পৰে । প্ৰথম দৰমহা হিচাপে পাইছিল মাত্ৰ ৪০ টকা প্ৰথম বৰালীমৰাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি পৰৱৰ্তী সময়ত মহেশ্বৰীকে ধৰি বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰিছিল । শিক্ষক হিচাপে অসমীয়া ভাষাৰ বানানত বৰ গুৰুত্ব আৰোপ কৰিছিল তেওঁ।তেখেতে কেন্দ্ৰ সম্পাদক হৈ শিক্ষক সংগঠনক নেতৃত্ব দিছিল, বিহালী সমবায় সমিতিৰো সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।পূৰ্ণ হাজৰিকা এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি হিচাপেও সুনাম আছিল। শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ সমাজৰ পাঠেকি,ধৰ্ম পাঠেকি, বিখ্যাত সবাহৰ উস্তাদ বায়ন হোৱাৰ ওপৰিও তেল গামোচা লোৱা এগৰাকী গাঁওবুঢ়া আছিল। সমগ্ৰ বিহালীৰে এগৰাকী সন্মানীয় বয়োজ্যোষ্ঠ নাগৰিক সেই পূৰ্ণ হাজৰিকা । ১৭ অক্টোবৰ তাৰিখে তেওঁ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্য সময়ত তেখেতৰ বয়স আছিল ৯৩ বছৰ ,পৰলোকলৈ গমন কৰা হাজৰিকাই এই সংসাৰত দুজন ভাতৃ , ৪ গৰাকী কন্যা , দুগৰাকী পুত্র, নাতি-নাতিনী আৰু বহু আত্মীয়ক এৰি থৈ যায় ইহঃ সংসাৰত।