
সকলোৰে অংকত আউল লগাব নেকি ময়ূৰ মজুমদাৰে। মজুমদাৰে জনতা পাৰ্টীৰ পৰা আগবঢ়াব প্ৰাৰ্থীত্ব। বটদ্ৰৱাত জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ময়ূৰ মজুমদাৰে লগত ৰাজ্যিক সম্পাদক নজৰুল ইছলামক লগত লৈ সাধাৰণ ভোটাৰ ৰাইজক লগ ধৰি আগন্তক নিৰ্বাচন সম্পৰ্কে মত বিনিময় কৰে।সমাগত নিৰ্বাচনত অসমত মুঠ ৪০টা সমষ্টিত জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি আৰু সম্পাদকে আমাক জানিব দিয়ে।লগতে ৰাজ্যিক সভাপতি ময়ূৰ মজুমদৰে নিজেই ৮৪নং বটদ্ৰৱাৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব বুলিও কয়।ৰাজ্যিক সম্পাদক নজৰুল ইছলামে কয় যে,১৯৭৮ গোলাপ বৰবৰাৰ নেতৃত্বত অসমত চৰকাৰ কৰিছিল অসমত তেতিয়া যতেষ্ঠ শান্তি সম্প্ৰীতি আছিল অসমৰ ৰাইজে যদি জনতা পাৰ্টীক আঁকোৱালি লয় অসমত পুনৰ শান্তি ঘূৰাই আনিব জনতা পাৰ্টিয়ে।
36 Comments