
অভয়াপুৰীত দীপাৱলীৰ সন্ধিয়া উজলি উঠিল লৌহকন্যা লাভনীনা বৰগোহাঁই। সমগ্ৰ দেশ পোহৰৰ উৎসৱ দীপাৱলী পালন কৰাৰ সমান্তৰালভাৱে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পিৰাধৰাৰ বুঢ়ী আই থান প্ৰাংগণত ব্যতিক্ৰমী ভাৱে ৭০০০ গজি মাটিৰ চাকিৰ পোহৰেৰে আলোকিত কৰি তুলিলে অলিম্পিক বটাপ্ৰাপ্ত বক্সাৰ তথা অৰ্জুন বটাপ্ৰাপ্ত লাভনীনা বৰগোঁহাইক। বিগত কেইবাবছৰ ধৰি এনে ব্যতিক্ৰমী ৰূপত দীপাৱলী পালন কৰি আহিছে এই অঞ্চলৰ যুৱক-যুৱতী আৰু ৰাইজে। এটি বিষয়বস্তুক তেওঁলোকে বাঁহ-বেতেৰে অংকন কৰি দীপাৱলীৰ সন্ধিয়া তেওঁলোকে মাটিৰ চাকিৰ পোহৰেৰে আলোকিত কৰি তোলে অভয়াপুৰী।