বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি হিচাপে খ্যাত ইটাখোলা অঞ্চলে কালি নিশা সকলো জাতি-জনগোষ্ঠী এক হৈ উদযাপন কৰিলে ৬৩ তম ইটাখোলা ৰঙালী বিহু সমাৰোহ । সন্ধ্যা ৬-৩০ বজাৰ পৰা বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্থানীয় বিধায়ক পদ্ম হাজৰিকাই এক তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে । বিশিষ্ট অতিথি হিচাপে অৰুণাচলৰ পাকে কেচাং সমষ্টিৰ বিধায়ক ও ৰাজ্যখনৰ বিজেপিৰ সভাপতি বিওৰাম ওৱাগে উপস্থিত পাঁচ সহস্ৰাধিক দৰ্শকৰ আগত অৰুণাচলে অসমক সদায় ডাঙৰ দাদা হিচাপে মানি অহাৰ কথা কৈ অৰুণাচলী আৰু অসমীয়াৰ ভাতৃত্ববোধৰ প্ৰসংগ দাঙি ধৰে । সাংস্কৃতিক সন্ধ্যা ভাগৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকি গুৱাহাটীৰ কন্ঠ শিল্পী মীনাক্ষী কলিতা আৰু জিন্টু কলিতাই পৰিনৱেশন কৰা গীতে উপস্থিত হাজাৰ হাজাৰ দৰ্শকৰ মন মন্ত্ৰমুদ্ধ কৰি তোলে ।