
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱে নিজ হাতে ৰোৱা বট বৃক্ষৰ তলত ৫৭৩ গছি বন্তি জ্বলাই যোৰহাট জিলা ভাওনা সন্মিলনৰ অন্তৰ্গত কাকজান আঞ্চলিক ভাওনা সন্মিলনৰ উদ্যোগত ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সহযোগত উদযাপন কৰিলে গুৰুজনাৰ জন্ম জয়ন্তী। শুক্ৰবাৰে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক তিৰোভাৱ তিথিত ৰাজ্যৰ প্ৰতিটো নামঘৰ সত্ৰসমূহত মহাপুৰুষজনাৰ অমৰ সৃষ্টিৰাজি হৰিনামেৰে মুখৰিত হৈ পৰিছে ।ব্যতিক্ৰম নহয় টীয়কতো, মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো দিনযোৰা কাৰ্যসূচীৰে যুগদ্ৰষ্টা গুৰুজনাৰ জন্মজয়ন্তী ভাগি উদযাপন কৰে ৰাইজে । দিনৰ বিভিন্ন কাৰ্যসূচীৰ পৰিসমাপ্তিৰ পাছত সন্ধিয়া নামঘৰ প্ৰাংগণত থকা ১৪৫০ শকত মাধৱ গুৰুজনাই নিজ হাতে ৰোৱা বট বৃক্ষৰ তলত ৫৭৩ গছি বন্তি প্ৰজ্বলন কৰি মহাপুৰুষজনালৈ ব্যতিক্ৰমী ৰূপত সেৱা আগবঢ়ায় । সন্ধিয়া যোৰহাট জিলা ভাওনা সন্মিলনৰ অন্তৰ্গত কাকজান আঞ্চলিক ভাওনা সন্মিলনৰ উদ্দোগত ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সহযোগত বন্তি জ্বলাই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত এক সম্প্ৰীতিৰ আদৰ্শ দাঙি ধৰাৰ লগতে নিজৰ কৃষ্টি-সংস্কৃতি ৰক্ষাৰ চেষ্টা কৰিছে । উল্লেখযোগ্য যে, এই অনুষ্ঠানৰ পাছতে ৰাতিলৈ বৰনামঘৰত স্থানীয় শিল্পীসকলৰ দ্বাৰা মহাপুৰুষজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰে ৷