
৩০ অক্টোবৰ ২০০৮ চনৰ সেই দিনটোতে অসমৰ চাৰিঠাইত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হৈছিল।গুৱাহাটী,বৰপেটা,কোকৰাঝাৰত বিস্ফোৰণ হোৱাৰ লগতে বঙাইগাঁও চহৰৰ পাগালাস্থানৰ তেল ডিপোৰ সন্মুখত উদ্ধাৰ হৈছিল এটা শক্তিশালী বোমা৷ AS 25 G 7034 ৰঙা নম্বৰৰ পালচাৰ বাইকৰ ডিকিত উদ্ধাৰ হৈছিল এটা শক্তিশালী আই ই ডি বোমা৷
আৰু সেই শক্তিশালী বোমাটো তথা ভয়ংকৰ বিপদৰ পৰা বঙাইগাও চহৰ ৰক্ষা কৰিছিল এইগৰাকী আৰক্ষীৰ নিষ্ঠাবান জোৱানৰ বাবে ৷ ভয়াবহ সেই দিনৰ কথা সোৱঁৰণ কৰি সেই সময়ত যান বাহন নিয়ন্ত্ৰন বিভাগত দ্বায়িত্বত থকা এই গৰাকী কণিষ্টবল হৰিদাস কলিতাই বহুতৰ জীৱন ৰক্ষা কৰিছিল নিজ কৰ্তৱ্য সঠিক মতে সম্পাদন কৰাৰ বাবে ৷ বহুতৰ জীৱন ৰক্ষা কৰিব পাই আৰক্ষী জোৱান গৰাকীয়ে নিজকে গৌৰৱ কৰি কয় সেয়া আমাৰ আৰক্ষী লোকৰ কৰ্তৱ্য তথা দ্বায়িত্ব ৷ সেই সময়ত যদি দায়িত্বহীন কৰ্তব্য কৰিলেহেতেঁন হয়তো নিজেও সেই অভিশপ্ত ৩০ অক্টোৱৰৰ বোমা বিস্ফোৰণত মৃত্যুক আকোঁৱালি ল’ব লগা পৰিস্হিতিৰ সৃষ্টি হ’লে হয়৷

উক্ত দিনৰ ঘটনা সোঁৱৰণ কৰি আৰক্ষীৰ জোৱান জনে কয় ৰাতিপূৱাৰে পৰা অন্য জিলাৰ পঞ্জীয়ণ নম্বৰৰ ৰঙা ৰঙৰ পালচাৰ বাইক এখন বান্থিয়াৰ দোকানৰ সন্মুখত ৰখাই থোৱা দেখা পাই সন্দেহ হোৱাত বাইকৰ ডিকি পৰীক্ষা কৰাত বোমা ৰখাৰ সম্ভেদ লাভ কৰি উচ্চপদস্হ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া সকল উপস্থিত হৈ পৰীক্ষা নিৰিক্ষা কৰি সেয়া বোমা বুলি নিশ্চিত হোৱাত এখন ক্ৰেনৰ সহায়ত বাইক সহ বোমাটো খালি ঠাইত দাঙি নিয়া হয় ৷ আৰু পাগালাস্থানৰ মুকলি ঠাইত বোমাটো নি বুলেটপ্ৰুফ জেকেটৰে ঢাকি ৰখি বোমস্কোৱাদ অহালৈ ৰৈ থকা হয় যদিও দিনৰ প্ৰায় এঘাৰ বজাত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হোৱাৰ সময়তে বঙাইগাৱত উদ্ধাৰ হোৱা বোমাটোও বিস্ফোৰণ সংঘটিত হয় ৷নিস্ক্ৰীয় কৰাৰ যা-যোগাৰ কৰাৰ আগ মূহুৰ্ততে বোমাটো বিস্ফোৰণ হোৱাত সেই সময়ত কৰ্তৱ্যৰত আৰক্ষী, চি আৰ পি এফ,সেনা আৰু সাংবাদিক সহ কেইগৰাকী মান লোক সামান্য আহত হয় যদিও মহা বিপদৰ পৰা ৰক্ষা পৰে বঙাইগাঁও ৷ পিছত বোমা উদ্বাৰ কৰা আৰক্ষীৰ কণিষ্টবল গৰাকীক আৰক্ষী বিভাগৰ এছ পি লাচিত বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মণে প্ৰসংশা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে হৰিদাস কলিতাক৷

২০০৮ চনৰ ৩০ অক্টোৱৰৰ সেই ভয়াৱহ দিনটোৰ কথা মনত পৰিলে এতিয়াও মনত ভয় আৰু শংকাই আগুছি ধৰাৰ লগতে উক্তদিনা বঙাইগাঁও চহৰত বোমাটো উদ্ধাৰ কৰিব পাই আৰক্ষী জোৱান গৰাকীয়ে মনত সন্তষ্ট লাভ কৰা বুলিয়ো মন্তব্য আগবঢ়াই।