২১ মাৰ্চত কিয় পালন কৰে বিশ্ব কবিতা দিৱস? জানক এই দিৱসৰ ইতিহাস আৰু মহত্ব কি? বিশ্ব কবিতা দিৱসৰ উদ্দেশ্য কি?

২১ মাৰ্চত কিয় পালন কৰে বিশ্ব কবিতা দিৱস? জানক এই দিৱসৰ ইতিহাস আৰু মহত্ব কি? বিশ্ব কবিতা দিৱসৰ উদ্দেশ্য কি?
এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰা হৈছে। এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে কবিতাক কলা হিচাপে সংৰক্ষণ কৰা আৰু ইয়াৰ অনন্য শক্তিক সন্মান জনোৱা। জানক বিশ্ব কবিতা দিৱসৰ মহত্ব আৰু ইতিহাস…

বিশ্ব কবিতা দিৱস ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ইয়াৰ ঘোষণা ইউনেস্ক’ই (UNESCO) ১৯৯৯ চনত কৰিছিল। এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰা হৈছে। ইউনেস্ক’ৰ ঘোষণাত কোৱা হৈছে “এই দিনটো বিশ্বৰ জাতীয়, স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় কবিতা আন্দোলনসমূহক উৎসাহ যোগাবলৈ পালন কৰা হওক”।
বিশ্ব কবিতা দিৱসৰ উদ্দেশ্য কি?
২১ মাৰ্চত বিশ্ব কবি দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে কবিতাৰ গুৰুত্বক প্ৰচাৰ কৰি সমাজত এক শক্তিশালী কলা ৰূপে প্ৰতিষ্ঠা কৰা। কবিতাৰ জৰিয়তে সাংস্কৃতিক বৈচিত্ৰ্য আৰু মানৱতাৰ প্ৰতি সংবেদনশীলতাক উৎসাহিত কৰাৰ বাবে এই দিৱস উৎসৰ্গিত কৰা হৈছে।