
নিউজ ডেস্কঃ দেশজুৰি আৰম্ভ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ প্ৰস্তুতি। ২১ দিনীয়াকৈ পালন কৰা হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। ৭১ বছৰীয়া মোদীৰ এইবাৰ পালন কৰা হব ব্য়তিক্ৰমী জন্মদিন। প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে বিজেপি কৰ্মীয়ে শৰাই আগবঢ়াব পোন্ধৰ হাজাৰ নামঘৰ উপাসনা স্থলীত।

ইয়াৰ লগতে ৪২ লাখ কাৰ্যকৰ্তাই ঘৰত বন্তি জলাব। জিলাৰ মুখ্য কাৰ্য্যালয়ত ৰক্তদান কৰিব ৫ হাজাৰ কৰ্মকৰ্তাই। জন্মদিন উপলক্ষে ৭১ টা পুখুৰী জলাশয় পৰিস্কাৰ কৰা হব। গাৱৰ প্ৰতিগৰাকী মহিলাক ঘৰে ঘৰে গৈ দিয়া হৱ আইৰন টেবলেট। ৰাজ্যিক বিজেপিয়ে প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন এইবাৰ উদযাপন কৰিৱ ব্যতিক্ৰমী ভাবে।