
আজিৰে পৰা খুলিলে বিদ্যালয়।কোভিড প্ৰট’কল পালনেৰে আৰম্ভ হ’ল পাঠদান কাৰ্যসূচী। ২০ মাহৰ মূৰত খোলা হৈছে বিদ্যালয়সমূহ।সপ্তাহত তিনিদিন হ’ব পাঠদান। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসমূহৰ পাঠদান আৰম্ভ।মাস্ক পৰিধান কৰি, ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলক। শ্ৰেণী কোঠাসমূহত সৰ্বাধিক ৩০জন ছাত্ৰ-ছাত্ৰী থাকিব পাৰিব উপস্থিত।