sangbad lahar logo

২০ বাৰকৈ বিবাহ পাশত আবদ্ধ হৈ বিবাহৰ অৰ্থ বুজি পোৱা এগৰাকী অভিনেত্ৰী । কোন এই মোহময়ী অভিনেত্ৰী ?  সবশেষ জানিহে কমেণ্ট কৰক ।

এগৰাকী জনপ্ৰিয় অভিনেত্ৰী । যাৰ নামেই হৈ পৰিছে এতিয়া চৰ্চাৰ শীৰ্ষ । নাম অভিকা গৰ । খুব কম সময়তে আৰু কম বয়সৰ পৰাই টেলিভিছনৰ পৰ্দাত একপ্ৰকাৰ ৰাজত্ব কৰা অভিকা ‘বালিকা বধু’ নামৰ ধাৰাবাহিকখনৰ জৰিয়তে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে । অভিকা সম্প্রতি তেওঁৰ ৱেব ছিৰিজ ‘বধুভু’ বাবে চৰ্চাৰ শীৰ্ষত আছে  । এই ৱেব ছিৰিজৰ প্ৰচাৰ অনুষ্ঠানত অভিকাই কৰা এটা বিশেষ মন্তব্যৰ বাবেও অভিনেত্ৰীগৰাকী এতিয়া অনুৰাগীৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে  ।  

হয়,  এক প্ৰচাৰ অনুষ্ঠানত অভিকাই প্ৰকাশ কৰে, ‘মই বৰ্তমানলৈ ২০ বাৰ বিবাহপাশত আবদ্ধ হৈছো । অৱশ্যে সেয়া সকলো ‘অন স্ক্ৰীণ’তহে ।

কিন্তু এনেদৰে বিয়াত বহি মই বিয়াৰ প্ৰকৃত অৰ্থ বুজিবলৈ সক্ষম হৈছো । ইমান কম বয়সত অভিনয়ৰ সৈতে জড়িত হৈ মই মোৰ ব্যক্তিগত জীৱনৰ বহু সময় হেৰুৱাইছিলো ঠিকেই, কিন্তু প্ৰতিদিনেই মই জীৱনৰ ন-ন পাঠ শিকিবলৈ সক্ষম হৈছিলো ।’ অভিকাৰ এই মন্তব্যৰ পাছতেই স্বাভাৱিকভাৱেই অনুৰাগীসকলে ছ’চিয়েল মেডিয়াৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অনুৰাগীসকলে অভিকাৰ অভিনয় শৈলী তথা তেওঁৰ বাস্তৱিকতাক স্বীকাৰ কৰাৰ মানসিকতাক একেমুখে শলাগ লৈছে । উল্লেখ্য যে, বধুভু কালিৰে পৰা ডিজনী + হটষ্টাৰত প্ৰদৰ্শিত হৈছে ।

Related Articles