sangbad lahar logo

২০২৮ ৰ অলিম্পিকত অন্তর্ভুক্ত হ’ব ক্রিকেট…..

ছ এঞ্জেলছত ২০২৮ চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত ক্রিকেট অন্তর্ভুক্ত কৰিবলৈ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীক হেঁচা দিব আই চি চিয়ে ৷ আমেৰিকা যুক্তৰাষ্ট্রত যথেষ্টসংখ্যক ক্রিকেট অনুৰাগী থকাৰ প্রতি লক্ষ্য ৰাখি ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে ভদ্রলোকৰ খেলবিধক অলিম্পিকত অন্তর্ভুক্ত কৰাৰ চিন্তা–চর্চা কৰিছে৷
আই চি চিৰ পৰৱর্তী এপেক্স কাউঞ্চিলৰ বৈঠকত বিষয়টো উত্থাপন হ’ব ৷ আই চি চিৰ শীর্ষ বিষয়া গ্রেগ বার্কলেই মঙলবাৰে এক বিবৃতিত এই কথা প্রকাশ কৰিছে৷
উল্লেখ্য যে আই চি চিয়ে ইয়াৰ পূর্বেও অলিম্পিকত ক্রিকেট অন্তর্ভুক্ত কৰিবলৈ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীক দাবী জনাইছিল ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *