sangbad lahar logo

১৯৯৬-৯৮ চনত গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালক পুনঃ সংস্থাপনৰ দাবী গোসাইগাঁও মহকুমা সহায়(Relief) সমন্বয়ক সমিতিৰঃ

নিউজ ডেস্কঃ ১৯৯৬ আৰু ১৯৯৮ চনত বড়ো আৰু আদিবাসী জনগোষ্ঠীৰ মাজত সংঘটিত গোষ্টী সংঘৰ্ষত ক্ষতিগ্ৰস্থ পৰিয়ালৰ পুনঃ সংস্থাপনৰ দাবী কৰিছে গোসাইগাও মহকুমা সহায়(relief) সমন্বয়ক সমিতিয়ে ৷ গোসাইগাঁও মহকুমাৰ কচুগাঁৱৰ ৰমেন্দ্ৰপুৰত আজি সংগঠনটোৰ সভাপতি কবিল চন্দ্ৰ বসুমতাৰী আৰু সাধাৰন সম্পাদক ফ্ৰান্ছিচ মুছাহাৰীৰ উপস্থিতিত এক সংবাদ মেল যোগে সংগঠনটোৱে কয় যে উক্ত গোষ্টী সংঘৰ্ষত গোসাইগাঁও মহকুমাৰ অন্তৰ্গত নিবাসী আদিবাসী আৰু বড়ো জনগোষ্ঠীৰ ৪৭২৫ টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল ৷ সংঘৰ্ষৰ দাবানলত দুই সম্প্ৰদায়ৰ লোক সকলে এক হাহাকাৰময় পৰিবেশৰ সন্মুখীন হৈছিল ৷ সংঘৰ্ষই বহু পৰিয়ালৰ ঘৰ দুৱাৰ নিশ্বেষ কৰাৰ লগতে বহুতে আপনজনক চিৰদিনৰ বাবে হেৰুৱাইছিল ৷ সংঘৰ্ষত সৰ্বহাৰা লোক সকলে আজিলৈকে চৰকাৰৰ পৰা পৰ্যাপ্ত পুনঃ সংস্থাপন পোৱা নাই ৷ সেই সময়ত চৰকাৰে কিছু আৰ্থিত সহায় কৰিছিল যদিও সেয়া পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰি গুজৰাটত ক্ষতিগ্ৰস্ত লোক সকলক চৰকাৰে প্ৰদান কৰা ৫ লাখ টকাৰ আৰ্হিত গোসাইগাঁও মহকুমাৰ ক্ষতিগ্ৰস্ত পৰিয়াল সকলক পাঁচ লাখকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনায় সংগঠনটোৱে ৷ ৷ উল্লেখ যে বিগত উপ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োই প্ৰদান কৰা পুনঃ সংস্থাপনৰ প্ৰতিশ্ৰুতি পূৰন কৰিব বুলি সংগঠনটোৱে আশা প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *