শোণিতপুৰৰ ১৮ মাইলত প্ৰতিবাদ। ৰেলৱে বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় জনতাই। ১৮ মাইল অকাবস্তি ৰ সংযোগী ১১৫ নং ৰেলৱে গেটৰ শোচনীয় অৱস্থাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদ। ৰেলৱে বিভাগে পথ নিৰ্মাণ নকৰাৰ বাবে ৰাইজ নামিল ৰেলৱে ট্ৰেকত। ৰখালে ৰেল। বিগত২০২৩ চনৰে পৰা ৰেলৱে কৰ্তৃপক্ষক বাৰে বাৰে এই পথটো নিৰ্মাণৰ বাবে জনাই থকাৰ পাছতো আজি পৰ্যন্ত মেৰামতি কৰা নাই বিভাগীয় কৰ্তৃপক্ষই।প্ৰায় ১০ সহস্ৰাধিক ৰাইজৰ একমাত্ৰ যোগাযোগৰ মূল এই পথ টোৰ মেৰামতিৰ বাবে বাৰে বাৰে ৰেলৱে কৰ্তৃপক্ষক জনোৱাৰ পাছতো কিন্ত আজি পর্যন্ত সুচল নহল পথটো ইতিমধ্যে এই পথটোত সংঘটিত হৈছে কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা।আনকি আজি পুৱাও সংঘটিত হৈছে এটা পথ দূর্ঘটনা। যাৰ বাবে ৰেলপথত নামিল সাধাৰণ জনতা আৰু ৰখাই দিলে ৰেল। ভুক্তভূগি জনতাই বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। ইতিমধ্যে প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত পথ টো বনাই দিয়াৰ আশ্বাস দিয়াৰ পাছত ৰাইজৰ এই প্ৰতিবাদৰ শাম কাটে।
