
উক্ত কার্যসূচীত ৰহাৰ কৃষক সকলৰ লগতে উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক বি কে হৰিপ্ৰসাদ,অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰা,বিৰােধীৰ উপ-দলপতি ৰকিবুল হুচেইন,ৰহাৰ বিধায়ক শশী কান্ত দাসৰ লগতে বহু কেইজন ভাৰতীয় জাতীয় কংগ্রেছৰ উচ্চ পর্যায়ৰ নেতা। ঐতিহাসিক কৃষক বিদ্ৰোহত শ্বহীদ হোৱা কেতিয়াবাগৰাকী কৃষকৰ মুৰ্ত্তি সম্বলিত ফলকৰো উন্মোচন আৰু মাল্যাৰ্পণ কৰা দেখা গ’ল. উল্লেখ যে বৃটিছৰ বিৰুদ্ধে ভাৰতবৰ্ষত সর্বপ্রথমবাৰৰ বাবে কৃষক ৰাইজে অত্যাধিক কৰ
কাটলৰ প্ৰতিবাদত ১৮৬১ চনৰ ১৮ অক্টোবৰ তাৰিখৰ আজিৰ দিনটোতেই ৰহাৰ ফুলগুৰিত ৰাইজমেল পাতি এক বৃহৎ সংগ্রাম সুচনা কৰিছিল,য’ত প্রশাসন আৰু ৰাইজৰ মাজত হােৱা সংঘর্ষত ইংৰাজৰ চাহাব লেফটেনেন্ট কর্ণেল চিংগাৰ চাহাবৰ মৃত্যু হৈছিল আৰু বহুতাে নিৰীহ কৃষকৰ মৃত্যু হৈছিল।কিন্তু সঠিক তথ্য আৰু প্ৰচাৰৰ অভাৱত ফুলগুৰি ধেৱা খ্যাত এই বিদ্রোহে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়তাে স্বীকৃতি লাভ কৰা দেখা নহ’ল।