
আজি পুৱাই বিহালীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সাব্যস্ত কৰা হয় এক অভিনৱ প্ৰতিবাদ ৷ অসম অনুসূচীত জাতি যুৱ ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ বিষয়ববীয়া সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ চৰকাৰে পেট্ৰল ,ডিজেল, ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মুল্য বৃদ্ধি কৰি যি সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাইছে তাক ৰোধ কৰিবলৈ শ্লগান দি ওলোতাকৈ দৌৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা সংগঠনৰ বিষয়ববীয়া সকলে ওলোটাকৈ দৌৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰ খনৰ দিনৰ পৰা পুনৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ চৰকাৰ খনলৈ উভটি যাব বিচৰা বুলি জানিব দিয়ে।