
মাত্ৰ ১৩ বছৰ বয়সতে অলিম্পিক স্বৰ্ণ পদক কঢ়িয়াই জাপানৰ ম’মিজি নিছিয়াই ইতিহাসত ৰচিলে অভিলেখ। টকিঅ’ অলিম্পিকত মহিলা স্কেটব’ৰ্ডিঙত প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক অৰ্জন কৰে ম’মিজি নিছিয়াই । ইয়াৰ উপৰিও ১৩ বছৰীয়া কিশোৰী ম’মিজি নিছিয়া হৈ পৰিল অলিম্পিকত স্বৰ্ণ জয় কৰা আটাইতকৈ কনিষ্ঠ খেলুৱৈ । উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অলিম্পিকত অন্তৰ্ভুক্ত হৈছে এই স্কেটব’ৰ্ডিং ক্ৰীড়াবিধ ।