
গোৰেশ্বৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম জন্ম জয়ন্তী মহোৎসৱ।
দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱা ১০ঃ৩০ বজাত সত্ৰৰ পৰা উলিওৱা হয় এক ভাগৱত শোভাযাত্ৰা। হাতী,ৰথ,নৌকা আদিৰে উলিওৱা এই ভাগৱত শোভাযাত্ৰাত সহস্ৰাধিক লোকে হৰি-নাম ধ্বনিৰে মুখৰিত কৰি তোলে গোৰেশ্বৰৰ আকাশ বতাহ।ভাগৱত শোভাযাত্ৰাত ভকত বৈষ্ণৱকে ধৰি গোৰেশ্বৰ অঞ্চলৰ সহস্ৰাধিক যুৱক যুৱতী পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।
গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ লগতে অসম চৰকাৰৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।
দিনৰ ১ বজাত অনুষ্ঠিত হোৱা ধৰ্ম আলোচনা সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাও গুৰুত্বপূৰ্ণ ধৰ্মীয় ভাষণ দিয়ে।পুৱাৰে পৰা অনুষ্ঠিত হোৱা গুৰুজনাৰ বিভিন্ন ধৰ্মীয় কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ নাম-কীৰ্তনেৰে বৈকুণ্ঠ নগৰীলৈ পৰিণত কৰি তোলে সত্ৰৰ প্ৰাংগন।