
ৰাজ্যজুৰি ৫ নৱেম্বৰ দিনা স্মৰণ কৰা হৈছিল ভাৰতৰত্ন ভূপেন হাজৰিকাক। বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানৰ উদ্যোগত হোজাইতো অনুষ্ঠিত কৰা হৈছিল ভূপেন হাজৰিকাৰ দশম মৃত্যুবাৰ্ষিকী। হোজাইৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এক শাভুত নাশ্ৰুত কাণ্ডই জোকাৰিছে এতিয়া সমগ্ৰ ৰাজ্য।হোজাইৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত পুৰণি বজাৰ নেতাজী কৰ্ণাৰত অনুষ্ঠিত কৰা হৈছিল ভূপেন হাজৰিকাৰ দশম মৃত্যুবাৰ্ষিকী। কিন্তু নেতাজীৰ প্ৰতিমূৰ্তিৰ তলত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি ৰাখি অনুষ্ঠিত কৰা হৈছিল সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সুভাষ চন্দ্ৰ বসুৰ ভৰিৰ তলত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি ৰাখি শ্ৰদ্ধাঞ্জলি জনোৱাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত। শেহতীয়াকৈ নেতাজীৰ ভৰিৰ তলত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি থকা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত সংগঠনটোৱে ভূপেন হাজৰিকাক অপমান কৰা বুলি ৰাজ্যৰ চৌদিশে উঠিছে অভিযোগ। বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৰ এনে কাৰ্যক তীব্ৰ গৰিহণা জনোৱাৰ লগতে ইয়াৰ উচিত শাস্তিৰো দাবী তুলিছে একাংই।