sangbad lahar logo

হিন্দু মৃতদেহৰ মুখাগ্নি আৰু মুছলিম মৃতদেহৰ জানাজা কৰা চৰীফ চাচা থমকি ৰোৱা নাই।অসামৰিক সন্মান “পদ্মশ্ৰী” বঁটাৰে সন্মানিত চৰীফ চাচা।

উত্তৰপ্ৰদেশৰ চুলতানপুৰৰ আশী বছৰীয়া চাইকেল মেকানিক মোহাম্মদ চৰীফ সকলোৰে পৰিচিত চৰীফ চাচাক এইবাৰ ভাৰত চৰকাৰৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। এই সন্মান ঘোষণাৰ খবৰ দিবলৈ সাংবাদিকে স্থানীয় মাজাৰৰ কাষত অচিনাক্ত মৃতদেহ সৎকাৰত ব্যস্ত থকা সহজ সৰল অমায়িক চৰীফ চাচাক বিচাৰি পাইছিল ৷ সন্মান বঁটা বাহনক গুৰুত্ব নিদিয়া ব্যক্তি জনে কেবল এটা কথাই কৈছিল “যোৱা ২৭ টা বছৰে অচিনাক্ত মৃতদেহ সৎকাৰ কৰি এটা কথায়েই শিকিলো, হিন্দু মুছলিম খ্ৰীষ্টিয়ান শিখ বুলি আমি একোৱে নহয় ৷ অন্তিম মূহুৰ্তত একো একোটা শৰীৰহে আমি, মানব শৰীৰ মাত্ৰ”।

মোহাম্মদ চৰীফ বৃত্তিগতভাবে মৃতদেহ সৎকাৰক নাছিল ৷ উত্তৰ প্ৰদেশৰ চুলতানপুৰ অঞ্চলৰ এজন চাইকেল মেকানিকৰূপে কৰ্মৰতহে আছিল তেওঁ ৷ কি আছিল এনে কথা যিয়ে হঠাতে সহজ সৰল ব্যক্তি এজনক সমগ্ৰ অচিনাক্ত আৰু অনাথ মৃতদেহৰ অভিভাৱক কৰি তুলিলে?

১৯৯৩ চনৰ কথা, বাবৰী মচজিদ ধ্বংসৰ পিছত অযোধ্যাৰ উত্তপ্ত পৰিবেশ ৷ পঁচিশ বছৰীয়া সুঠাম যুবক মোহাম্মদ ৰইচ ,‌‌ ঔষধ আনিবৰ বাবে চুলতানপুৰলৈ গৈ নিখোজ হ’ল ৷ সম্ভবপৰ সকলো ঠাইতে বিচাৰ খোচাৰ কৰিও মোহাম্মদ ৰইচৰ কোনো সন্ধান পোৱা নগ’ল ৷ প্ৰায় এমাহৰ পিছত স্থানীয় আৰক্ষীয়ে মোহাম্মদ ৰইচৰ চাৰ্টত লগাই দিয়া দৰ্জী দোকানৰ নামৰ সৰু কাপোৰৰ টুকুৰাৰে পিতৃ চৰীফক বিচাৰি মোহাম্মদ ৰইচৰ অভিভাবকৰ সম্ভেদ উলিয়ায় ৷ পৰিয়ালটোক উদং কৰি ৰহস্যজনক ভাবে মৃত্যু হোৱা মোহাম্মদ ৰইচৰ মৃতদেহ উত্তৰ প্ৰদেশৰ নগৰ নিগম পৰিষদে অচিনাক্ত আৰু অভিভাৱকহীন মৃতদেহ হিচাপে এমাহৰ পূৰ্বেই সৎকাৰ কৰি পেলাইছিল ৷

নিজৰ ডেকা পুত্ৰ ৰইচৰ মুখ অন্তিমবাৰৰ বাবে চাব নোপোৱা আৰু ধাৰ্মিক ৰীতি মতে নিজে সৎকাৰ কৰিব নোপোৱাৰ দুখে মোহাম্মদ চৰীফৰ সম্পূৰ্ণ পৰিয়ালটোকে বিচলিত কৰিছিল ৷ নিজৰ চকুৰ আগত হোৱা এই ঘটনাই দূৰ্ভগীয়া পিতৃ মোহাম্মদ চৰীফৰ জীৱন সলনি কৰি দিছিল ৷

“মই সেইদিনাই প্ৰতিজ্ঞা কৰিছিলো অযোধ্যাৰ পূণ্য ভুমিত আজিৰ পৰা আৰু কোনো মৃতদেহেই অচিনাক্ত আৰু অভিভাৱকহীন হৈ নাথাকিব ৷ হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, শিখ যিয়েই নহওক কিয় প্ৰতিজনেই স্বধৰ্মীয় অন্তিম সৎকাৰৰ পৰা বঞ্চিত নহ’ব ৷”
সেইদিনাৰ পৰাই উত্তৰপ্ৰদেশৰ প্ৰতিটো অচিনাক্ত মৃতদেহৰ অভিভাৱক হিচাপে চিহ্নিত হল আশী উৰ্ধৰ চাইকেল মেকানিক মোহাম্মদ চৰীফ যাক সকলোৱে চৰীফ চাচা বুলিয়ে সম্বোধন কৰে মৰমেৰে ৷

উত্তৰ প্ৰদেশৰ প্ৰতিখন নগৰ নিগমেই অচিনাক্ত মৃতদেহৰ খবৰ পালেই চৰীফ চাচালৈ ফোন কৰে ৷ বৰ্ষীয়াণ ব্যক্তি জনে মূহুৰ্ততে চাইকেলখনেৰে সেই ঠাইত হাজিৰ হৈ নিজৰ মানবীয় কৰ্তব্যবোধ সমাপন কৰে ৷

নিজৰ আত্মীয় আৰু নিকট সকলৰ মৃত্যুৱে মানুহৰ হৃদয় ভাঙি চাৰখাৰ কৰি পেলায় ৷ বহু সময়ত নিকট জনক হেৰুৱাৰ দুখে একো একোটা পৰিয়ালক বহু যুগলৈ দুখৰ সাগৰত ডুবাই থৈ যায় ৷ কিন্তু নিজ পুত্ৰ মৃত্যু আৰু অনাথ মৃতদেহৰ দৰে অন্তিম সংস্কাৰ পোৱা হৃদয় ভঙা অভিজ্ঞতাই উত্তৰ প্ৰদেশক দিলে “মৃতদেহৰ শান্তি দূত” চৰীফ চাচাৰ জন্ম ৷ হয়তো আপোন জনক হেৰুওৱাৰ সুতীব্ৰ বেদনাই মানসিক ভাবে ভাঙি পৰাতকৈ চৰীফ চাচাৰ মনত মানবীয় কৰ্তব্যবোধৰ জন্ম দিছিল ৷
এতিয়ালৈকে প্ৰায় পঁচিশ হাজাৰৰো অধিক অচিনাক্ত আৰু অনাথ মৃতদেহৰ অন্তিম সংস্কাৰ কৰা চৰীফ চাচাৰ বাবে মানব জীৱনৰ চিৰন্তন সত্যটো ধৰ্ম নহয় বৰং শৰীৰ এটা মাত্ৰ যিটো মানব শৰীৰৰ বাহিৰে আন একো নহয় ৷
হিন্দু মৃতদেহৰ মুখাগ্নি আৰু মুছলিম মৃতদেহৰ জানাজা কৰা চৰীফ চাচা এতিয়ালৈকে থমকি ৰোৱা নাই ৷

“আপোনজনৰ মৃত্যুৱে সাময়িক ভাবে বিচলিত আৰু স্থবিৰ কৰে জীৱন কিন্তু তাৰ বিনিময়ত আগবঢ়াই দিয়ে গভীৰ দায়িত্ববোধ কাৰণ জীৱন কেতিয়াওঁ ৰৈ নাযায় ৷ মানব মুক্তিৰ বিশাল ধাৰণাত বিলীন হব পাৰিলেই মানুহে পাহৰিব পাৰে নিজৰ দুখ যন্ত্ৰনাক”।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *