
ইণ্ডিয়ান আইড’ল ছিজন-১২ৰ বিজয়ী পৱনদ্বীপ ৰাজন পথ দুৰ্ঘটনাত অতি গুৰুতৰভাৱে আহত হয় । সুন্দৰ কণ্ঠৰ অধিকাৰী পৱদ্বীপ উত্তৰাখণ্ডৰ পৰা দিল্লীলৈ যাত্ৰাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়।
দিল্লী অভিমুখী পৱনদ্বীপৰ বাহনখনে উত্তৰ প্ৰদেশৰ আমৰোহত এখন বাহনত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাৰ ফলত পৱনদ্বীপ অতি গুৰুতৰ ভাৱে আহত হয় । তেওঁৰ সৈতে থকা আন দুজন লোকো অতি গুৰুতৰ ভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।
উন্নত চিকিৎসাৰ বাবে তেওঁলোকক দিল্লীলৈ প্ৰেৰণ কৰা হৈছে। এই দুৰ্ঘটনা গজৰৌলা থানা এলেকাৰ ৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে।
জানিব পৰা মতে দুৰ্ঘটনাৰ সময়ত চালকৰ আসনত থকা লোকজনৰ হঠাতে টোপনি আহে। ঠিক সেই মুহূৰ্ততে সন্মুখৰ পৰা আন এখন কণ্টেইনাৰ বাহন আহি ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ আছিল।চালকজন টোপনিত থকাত এই কণ্টেইনাৰ বাহখন নেদেখি তাত খুন্দা মাৰে।
গজৰৌলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অখিলেশ প্ৰধানে জানিবলৈ দিয়া মতে, পৱনদ্বীৰ এম জি হেক্টৰ বাহনখনে পিছফালৰ পৰা ৰখাই থোৱা বাহখনত খুন্দা মাৰে। এই তথ্য লাভ কৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰথমে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।
পিছত গায়কজনক নয়ডাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগী আৰু সহযোগী শিল্পীসকলে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।