sangbad lahar logo

হাতী মানুহৰ সংঘাত ৰোধৰ বাবে প্ৰত্যাশাৰ বিশেষ পদক্ষেপ…

সোমবাৰে কপিকুলৰ আবাসভূমি হিচাপে খ্যাত মৰিয়নীৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় ৬৭ তম বন্যপ্ৰাণী সপ্তাহ। বন্যপ্ৰাণী সপ্তাহৰ উপলক্ষে অভয়াৰণ্য খনত প্ৰায় দুশৰো অধিক ফল মূলৰ লগতে মূল্যবান গছপুলি ৰোপণ কৰে যোৰহাটৰ DFO য়ে । এই বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ এক বেচৰকাৰী সংস্থাই হস্তী-মানৱৰ সংঘাত ৰোধৰ বাবে এক বিশেষ পদক্ষেপ হাতত লয়। বনাঞ্চল খনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰে আৰু যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্য খনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চল সমূহত elephant grass নামৰ এবিধ ঘাঁহ ৰোপনৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফলমূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে। আগন্তুক পাঁচ বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *