মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত বাখৰবৰীত এগৰাকী হিন্দীভাষী মহিলাই হাতত এটা বিষাক্ত সাপ লৈ ঘূৰি থকাৰ লগতে ঘৰে ঘৰে সোমাই তন্ত্র মন্ত্ৰ কৰি তাবিজ বেছি ধন সংগ্ৰহ কৰিআছিল।

তেনে সময়তে এটা বিষাক্ত সাপ লৈ ফুৰা দেখি এজন সচেতন যুৱকে আৰক্ষী আৰু বন বিভাগক খবৰ দিছিল। আৰক্ষীৰ অহালৈ মহিলা গৰাকীক আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰা যুৱক জনক এখন চুৰিৰে আক্ৰমন কৰি মহিলা গৰাকী পলায়ন কৰে যদিও আৰক্ষী আৰু বন বিভাগে উদৰী আৰু গছৰগুৰি গাওঁৰ মাজ ৰাস্তাত মহিলা গৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।