sangbad lahar logo

হাটশিঙিমাৰিৰ ফুলেৰচৰত এডোখৰ মাটিকলৈ দুই ফৌদৰ মাজত প্ৰচণ্ড মাৰপিট

হাটশিঙিমাৰিৰ ফুলেৰচৰত এডোখৰ মাটিকলৈ দুই ফৌদৰ মাজত প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত হয়।

কেইবাজনো পুৰুষ-মহিলাই হাতে-হাতে লাঠি, দা, দমকল আৰু আন আন সামগ্ৰী লৈ প্ৰচণ্ড মাৰপিটত লিপ্ত হোৱাৰ সমগ্ৰ দৃশ্য বন্দী হয় মোবাইলৰ কেমেৰাত।

ইতিমধ্যে খাৰুৱাবান্ধা আৰক্ষী চকীত ৰিয়াজুল হকে ১২ জনৰ বিৰুদ্ধে  দাখিল কৰিছে এজাহাৰ।

ৰিয়াজুল হকে সংবাদ মাধ্যমক জনোৱা মতে উক্ত মাটি ডোখৰ ৰিয়াজুল হকৰ পৈতৃক সম্পত্তি। কিন্তু আক্ৰমনকাৰী সকলে উক্ত মাটিখিনি নিজৰ সম্পত্তি বুলি দাবী কৰি মংগলবাৰে ৰাতিপুৱা বহু কেইগৰাকী পুৰুষ-মহিলাই হাতে হাতে লাঠি, জোং, দা লৈ মাটিডোখৰ দখল কৰিবলৈ চেষ্টা কৰাৰ লগতে ৰিয়াজুল হকৰ পৰিয়ালৰ কেইবাগৰাকী পৰিয়ালৰ সদস্যক আক্ৰমন কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে এজাহাৰকাৰী ৰিয়াজুল হক আৰু তেওঁৰ পৰিয়ালৰ লোকে আৰক্ষীক উক্ত ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি বিহিবলৈ আবেদন জনায়।

Related Articles