sangbad lahar logo

হাজো আৰক্ষীৰ আন এক বৃহৎ সফলতা । হাজো আৰক্ষীৰ অভিযানত জব্দ হৈছে ১৪ টাকৈ চোৰাং গৰু ।

এক গোপন সূত্ৰৰ পম খেদি হাজো আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে চোৰাং গৰুকেইটা । মঙলদৈ বগুলামাৰীৰ পৰা AS25 DC 7385  নম্বৰৰ ডি আই বাহন এখনত গৰু কেইটা সৰ্থেবাৰীলৈ আনি থকা অৱস্থাত হাজো আৰক্ষী থানাৰ সমীপত অভিযান চলাই ডি আই বাহনখনৰ লগতে জব্দ কৰিছে চোৰাং গৰু কেইটা । আনহাতে চোৰাং গৰু কঢ়িওৱা বাহনখনৰ চালক আৰু হেন্দিমেনকো আটক কৰিছে আৰক্ষীয়ে । সম্প্ৰতি জব্দকৃত গৰুকেইটা গোশলালৈ প্ৰেৰণ কৰিছে হাজো আৰক্ষীয়ে ।

Related Articles