sangbad lahar logo

হাজোৰ পুঠিমাৰী নৈত মৃতদেহ উদ্ধাৰ। মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

হাজোৰ দলৈতোলাৰ কোৱাৰঘাটৰ পুঠিমাৰী নদীত মাছ মৰীয়াৰ জালত উদ্ধাৰ এগৰাকী বৃদ্ধৰ মৃতদেহ।মৃতদেহৰ খবৰ বিয়পি পৰাৰ লগে-লগে অঞ্চলটোৰ লোক সকলক উপস্থিত হয় ঘটনাস্হলীত । ঘটনাস্হলীত উপস্থিত হৈ মৃতদেহ টো দলৈতোলাৰ চাহনুৰ আলী বুলি চিনাক্ত কৰে। যোৱা ২৫ অক্টোবৰ তাৰিখে চাহনুৰ আলী দলৈতোলাৰ নিজ গৃহৰ পৰা হাজোৰ বেংকলৈ গৈছিল টকা উঠাবলৈ। সেইদিনাৰ পৰাই নিৰুদ্দেশ হৈ আছিল চাহনুৰ আলী।পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াব নোৱাৰিলে পৰিয়ালৰ লোকে।আজি পুৱা দলৈতোলা কোৱাৰঘাটৰ পুঠিমাৰী নদীত মাছমৰীয়াৰ জালত লাগি উদ্ধাৰ হয় মৃতদেহটো।পৰিয়ালৰ লোকে ইতিমধ্যে চিনাক্ত কৰিছে চাৰিদিন ধৰি নিৰুদ্দেশ হৈ থকা চাহনুৰ আলীৰ মৃতদেহটো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *