
মৌচুমীক আনিবলৈ মহৰ গাড়ী লৈ ওলাইছে দৰা মইদুল ইছলাম। দুপৰ নিশা পুষ্প সজ্জিত এখন মহৰ গাড়ী এনেদৰে আগবাঢ়িছে হাজোৰ ৰাজপথেৰে। মহৰ গাড়ীত উঠি আহিছে দৰা। পিছে পিছে বৰযাত্ৰীৰ আনন্দ উল্লাস। নিশা শোৱাপাতি এৰি ৰাজপথলৈ দৰা চাবলৈ ওলাই আহিছে অসংখ্য লোক। কাৰণ মহৰ গাড়ীত বিয়া কৰাবলৈ আহিছে দৰা। হাজোৰ বামুনবড়ীৰ মইনুল ইছলাম নামৰ এইজন দৰাৰ ব্যতিক্ৰমী চিন্তা। দীর্ঘ দিনৰ প্ৰেমৰ পিছত ৰাজাবজাৰৰ কইনা মৌচুমী বেগমৰ সৈতে যুগ্ম জীৱনৰ দিন মইদুলৰ। পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে তথা বিলাসী বাহনৰ প্ৰতিযোগিতাৰ পৰা আঁতৰত এইগৰাকী দৰা। সেয়ে দৰা মইদুলৰ ব্যতিক্ৰমী চিন্তা। বৰযাত্ৰী সহ দৰা আহিল কইনা ঘৰলৈ গল মহৰ গাড়ীত। এই ব্যতিক্ৰমী বিবাহক লৈ হাজোত এতিয়া চৰ্চাৰ অন্ত নাই। আনফালে, কইনা মৌচুমীয়েও দৰা মইদুলক দিলে সঁহাৰি।