
স্বাধীনতা দিৱস উপলক্ষে ১৭আগষ্ট তাৰিখে হাজোৰ আন্ধুপাৰাত পুঠিমাৰী নদীত অনুস্থিত হয নাও খেল প্ৰতিযোগিতা। নাওখেলত কামৰূপ জিলাৰ আৰু নলবাৰী মুঠ ১১খন নাওঁৰ দলে যোগদান কৰে।
নাওখেলৰ চুডান্ত খেলত প্ৰথম পুৰস্কাৰ লাভকৰে নলবাৰী জিলাৰ কুৰোবডী গাওৰ (জোনবাই)নামৰ নাওখনে।আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে নলবাৰী জিলাৰ ২নং লোহাৰকাঠাৰ (দ্বীপজ্যোতি) নামৰ নাওখনে। এই জনপ্ৰিয় নাও খেল অঞ্চলটোৰ ৰাইজে নদীৰ দুযোপাৰৰ পৰা উপভোগ কৰে।
উল্লেখ যে নাওঁ খেলৰ অন্তত প্ৰথম পুৰস্কাৰ লাভ কৰে জোনবাই নামৰ নাওখনে ৮,০০০ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে দ্বীপজ্যোতি নামৰ নাওখনে ৫,০০০হাজাৰ টকা।