
হাজোৰ আধিয়াৰপাৰাত কৃতি শিক্ষক ৺আলি আকবৰৰ সোঁৱৰণীত এটি নৱনিৰ্মিত পুথিভঁৰালৰ লগতে এখনি সোঁৱৰণী গ্ৰন্থ উম্মোচন কৰা হয়। এই পুথিভঁৰালটোৰ দুৱাৰ মুকলি কৰে আলি আকবৰৰ সহধৰ্মিণী ৰূপজান বেগমে। লগতে মৰহুম আলি আকবৰৰ বৰ্নিল জীৱনৰ সোঁৱৰণী গ্ৰন্থ “আকবৰনামা” উম্মোচন কৰে বৰ্নি এম ই মাদ্ৰাছাৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মতিউৰ ৰহমানে।
আজিৰ এই অনুষ্ঠানত সভাপতিত্ব কৰে পূব বৰক্ষেত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ইয়াৰ আলীযে।সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে কটন বিশ্ব বিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক নুৰুল ইছলাম শইকীয়া।
আমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰে কাউৰবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চাহজাহান চিদ্দিকি।
সভাত আত ধৰে আলি আকবৰ সুযোগ্য সন্তান ড৹আব্দুল মালিকে।অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
উল্লেখ যে আলি আকবৰ সোঁৱৰণী পুথিভঁৰালৰ সকলো দাযিত্ব পালন কৰে আনি আকবৰৰ চতুৰ্থ পূত্ৰ চিৰাজুল হকে।