
হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম বংশৰ মৌজাৰ ২নং দোকনীয়াত বামুন্দী ৰাইজৰ উচ্ছেদ অভিযান । কিছুদিন ধৰি এটা বেনামী NGO ই অবৈধভাৱে ভুমি দখল কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।ব্ৰহ্মপুত্ৰৰ চৰত থকা বামুন্দী ৰাইজৰ সংৰক্ষিত ভূমি আজি সহস্ৰাধিক লোকে বেনামী NGO ৰ ঘৰ ভাঙি বেদখল উচ্ছেদ কৰে । স্থানীয় প্ৰশাসনক বহুবাৰ উচ্ছেদৰ বাবে আহ্বান জনাইছিল যদিও প্ৰশাসনে কোনো সহাঁৰি নিদিয়াৰ বাবে আজি বামুন্দী ৰাইজে ভূমি খিনি উচ্ছেদ কৰে। এতিয়া বৃহত্তৰ বামুন্দী ৰাইজৰ উদ্যোগত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি বামুন্দী ৰাইজে প্ৰায় ১০০ ৰ পৰা ২০০ বিঘা ভূমি উচ্ছেদ কৰি পুনৰ মাহ ছটিয়াই বেদখল মুক্ত কৰে।