sangbad lahar logo

হাওৰাঘাটত খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ ১২ জন অসুস্থ।

চাউমিন খাই হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ পাঁচজন ছাত্ৰ আৰু সাতজন শিক্ষক-শিক্ষয়িত্ৰী গুৰুতৰভাৱে অসুস্থ হৈ পৰে।বিদ্যালয়ৰ এটি প্ৰজেক্টৰ কামত ব্যস্ত এইসকল ছাত্ৰ, শিক্ষক আৰু নিকেতনৰ অন্যান্য কৰ্মচাৰীসকল।দুপৰীয়া ভোক লগাত হাওৰাঘাট বজাৰৰ ৰাজু হোটেলৰ পৰা চাউমিন আনি খায়।চাউমিন সেৱনৰ পাছতেই এজন এজনকৈ অসুস্থ হৈ পৰে ছাত্ৰ শিক্ষকসকল।বৰ্তমান সকলো হাওৰাঘাট চৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ আছে। ইপিনে, ঘটনাৰ তদন্ত আৰম্ভ কৰিছে হাওৰাঘাট আৰক্ষীয়ে।

Related Articles