sangbad lahar logo

হঠাৎ চৰ্চালৈ আহিছে বিশ্বনাথৰ এখন গাঁও , কিন্তু কিয় ?

হঠাৎ চৰ্চালৈ আহিছে বিশ্বনাথৰ এখন গাঁও । কেতিয়াও ৰাইজৰ দৃষ্টিগোচৰ নোহোৱা গাওঁখনত হঠাৎ পদাৰ্পন হৈছে অসংখ্য জনতাৰ । দৰাচলতে এই বিশ্বনাথ জিলাৰ অসম- অৰুণাচল প্ৰদেশ সীমান্তৰ এখন সৰু গাঁও । নাম কাৰ্বি ব্লক ক্ৰ আৰং । প্ৰকৃতিয়ে সৰ্বস্ব উজাৰি দিয়া কাৰ্বি জনগোষ্ঠীৰ মিলন ভূমি পথাইলাংচ লৈ এতিয়া পৰ্যটন কেন্দ্ৰ এটা গঢ় লৈ উঠাৰ বাবে চলিছে নতুন পৰিকল্পনা ।

চলিত বৰ্ষৰ জানুৱাৰী মাহত কাৰ্বি ব্লক ক্ৰ আৰঙত বিশ্বনাথ মহাবিদ্যালয়ৰ এটা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত এটা শিবিৰ স্থাপন কৰা হৈছিল । উদ্দেশ্য আছিল গাঁও খন স্বচ্ছ গাঁও হিচাবে গঢ়ি তোলা । ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন.এছ.এছ. ৰ শিবিৰৰ তত্বাৱধায়কৰ দায়িত্বত আছিল বিশ্বনাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ৰাজেশ্বৰ বড়ো। লগতে ৫০ জন এন.এছ. এছ. ৰ সদস্য ।কিন্তু এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আহি অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি অভিভূত হৈ পৰিল দলটো।

তাৰ পিছত আৰম্ভ হ’ল ইক’ পৰ্যটনৰ । পথাইলাংচু ইক’ কেম্প নামৰ প্ৰায় ৩৫ বিঘা মাটি কালিৰে এই ইক’ কেম্পটো এতিয়া বিশ্বনাথৰ বহুতৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।তাৎপৰ্যপূৰ্ণ বিষয় এইযে এইয়া কোনো পৰ্যটন বিভাগৰ প্ৰচেষ্টা অথবা চৰকাৰী বিভাগৰ উদ্যোগত নহয় । এই গ্ৰাম্য পৰ্যটনৰ ৰূপ ৰেখা প্ৰস্তুত কৰিছে বিশ্বনাথ মহাবিদ্যালয়ে । যি এতিয়া চৰ্চা হৈছে সৰ্বত্ৰে । বহিঃৰাজ্যৰ বহু পৰ্যটনস্থলীত ৰখাৰ দৰে ইয়াতো ৰখা জনজাতীয় সাজ পোচাক, যি পৰিধান কৰি আপুনি উঠিব পাৰিব ফটো ।এই সমগ্ৰ অঞ্চলটোক এতিয়া পৰ্যটকমুখী কৰি তোলাৰ ক্ষেত্ৰত সহযোগ কৰিছে বিশ্বনাথ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কোকিল হাজৰিকা, অধ্যক্ষ ডঃ চিন্তামণি শৰ্মা ,অধ্যাপক মানস প্ৰতিম দাস আৰু মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীয়ে । ইফালে এই অনুষ্ঠান সমূহৰ উন্নয়নৰ ক্ষেত্ৰত চাৰসিং টকবিক মুখ্যমন্ত্ৰী হিচাবে লৈ গঠন কৰা হৈছে এখন উন্নয়ন পৰিষদ। এই ক্ষেত্ৰত সহযোগ কৰিছে গাঁওবাসীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *