Skip to content
সৰ্ব সমাদৃত অসমীয়া বাঁহীবাদক প্ৰভাত শৰ্মাৰ ৮৬ বছৰত দেহাৱসান
Home - Local News - সৰ্ব সমাদৃত অসমীয়া বাঁহীবাদক প্ৰভাত শৰ্মাৰ ৮৬ বছৰত দেহাৱসান
বিশিষ্ট বাঁহীবাদক তথা লোক সংগীতজ্ঞ প্ৰভাত শৰ্মাৰ তেওঁৰ গুৱাহাটী নিজাৰাপাৰ বাসগৃহত মৃত্যু হয়। আজি কেইদিনমানৰ পৰা তেওঁৰ স্বাস্থ্যৰ অৱনতি হৈ আছিল। ৮৬ বছৰত শৰ্মাদেৱে মৃত্যুবৰণ কৰে।
তেওঁ ১৯৬০ চনৰ পৰা ১৯৯০ লৈ অসম চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ কৰ্মচাৰী শিল্পী হিচাপে কাম কৰিছিল।
১৯৭০ চনত তেওঁ আকাশৱানী গুৱাহাটী কেন্দ্ৰত যোগদান কৰে আৰু ১৯৯৮ চনত অৱসৰ গ্ৰহণ কৰে।
শৰ্মা দেৱে পৰম্পৰাগত লোকসংগীতৰ সংগ্ৰহৰ এটা সৰু সংগ্ৰহালয় সৃষ্টি কৰিছিল