ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকক্ষৰ বাহিৰলৈ নি চৌপাশৰ পৰিৱেশ আৰু প্ৰদূষণ বিষয়ত জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে আগত ৰাখি গোলাঘাট জিলাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক তথা লেখক ড° প্ৰণৱ ফুকনৰ তত্ত্বাৱধানত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এক ক্ষেত্ৰভিত্তিক অধ্যয়নত অংশগ্ৰহণ কৰে।

চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অন্তৰ্গত প্ৰমূল্যবোধ সংবৰ্ধন পাঠ্যক্ৰমৰ পৰিৱেশ অধ্যয়ন বিষয়ৰ বিদ্যায়তনিক অনুশীলন হিচাপে দ্বিতীয় ষান্মাসিকৰ মুঠ দুশ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সৰুপথাৰৰ নিকটৱৰ্তী ধনশিৰি নদীৰ দলংৰ তলত সৃষ্ট আৱৰ্জনা আৰু ধনশিৰি নদীৰ প্ৰদূষণ বিষয়ত চাক্ষুস অভিজ্ঞতা লাভৰ উদ্দেশ্যে ক্ষেত্ৰ অধ্যয়ন কৰে। বনভোজস্থলী হিচাপে ব্যৱহৃত ক্ষেত্ৰখন পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলে তাৰ কদৰ্য ৰূপ দেখা পাই স্তম্ভিত হৈ পৰে।

দলঙৰ তলত বটল ভঙা, প্লাষ্টিকৰ দম, জৰাজীৰ্ণ মৃণ্ময় মূৰ্তি, জীৱ-জন্তুৰ মৃত দেহৰ দুৰ্গন্ধই পৰিৱেশটো কদৰ্যময় কৰি তুলিছে। সকলো ছাত্ৰ-ছাত্ৰীয়ে সৰুপথাৰ পৌৰসভা, সৰুপথাৰ সমজিলা প্ৰশাসনৰ দ্বাৰা এই ক্ষেত্ৰত উন্নয়ন কামনা কৰাৰ লগতে পৰিষ্কাৰ কৰি ৰখাৰ দাবী জনাইছে। এই অধ্যয়নত সৰুপথাৰ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰেমকান্ত বৰা আৰু যুৱ উদ্যোগী ৰাণা প্ৰতাপ দুৱৰাই সহযোগিতা আগবঢ়োৱাৰ লগতে ছাত্ৰৰ-ছাত্ৰীসকলক দিহা-পৰামৰ্শ দি প্ৰেৰণা যোগায়। নদী বচাওক, নদীৰ পাৰত মল ত্যাগ নকৰিব, প্লাষ্টিক মুক্ত কৰি ৰাখক ,

নদী আমাৰ জীৱন ৰেখা আদি শ্লোগানেৰে সকলোৰে মাজত এক সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা ছাত্ৰ-ছাত্ৰীৰ দলটোক স্থানীয় ৰাইজেও ভূয়সী প্ৰশংসা কৰে ৷